I have created this blog for sharing contents related to my feelings.

Wednesday, August 2, 2017

নাজানো কেতিয়া মোৰ হবা তুমি....

বিয়াৰ পিছত কেতিয়াবা মই ৰাতি বহু দেৰিকৈ ঘৰলৈ উভতি আহিম,
তুমি অভিমান কৰি শুই থাকিবা।
মই আহি সুধিম
"ভাত খালা নেকি মোৰ সোন জনী।
তুমি খঙত অভিমানী সুৰত ক'বা,
"নাইখোৱা,কাৰোবাৰ ইচ্ছা হ'লে নিজে নিজে ভাত বাঢ়ি লৈ খাই ল'লেই হ'ল।"
.
মই কম,
"ওৰি বাবা,সোনজনী,খঙতো যেন একেবাৰে এটম বোম"।
মোৰ দেৰি হ'ল বাবে ইমান খং ন' ।
কোৱাছোন আজি মোৰ কিয় ইমান দেৰি হ'ল?
তুমি ক'বা-
" আজি অভাৰটাইম আছিল ছাগৈ।"
মই কম-
"বুর্বক ছোৱালী ক'ৰবাৰ।
অনেক কামৰ ফাকে ফাকেই তোমাক লৈ এটা কবিতা লিখিছিলো,বেঙী।
সেয়ে দেৰি হ'ল।"
.
তুমি অভিমান ভৰা সুৰত সুধিবা--
"ক'ত কবিতাটো চাও চাও??
মই কম,
"নাই নাই ইয়াত নাই অ সোনজনী।
অফিচতে থাকিল, ড্রয়াৰত।
এই পৃথিবীৰ সকলো মানুহ যেতিয়া শুই পৰিব।
কোনো যেতিয়া সাৰে নাথাকিব ।
ঠিক তেনে সময়ত আনি দেখুৱাম হা কবিতাটো কেতিয়াবা তোমাক, হব নে ?"
.
তুমি খংত মোৰ বুকুৰ ওপৰত শুই পৰিবা।
মই ক'ম, "সোনজনী তোমাক মই পাগলৰ দৰে ভালপাও অ'।
তোমাৰ অবিহনে মই বাচি নাথাকিম জানা।
.
আচ্ছা তুমি মোক ভাল পোৱানে কোৱাছোন সোনজনী?"
তুমি ক'বা,
"তুমি এটা পাগল ।
তোমাক বাদ দি মোৰ কোন আছে হা??
.
মই কম , "মোৰ সোণজনী
তোমাক এৰি মই কলৈকো নাযাও।
এই বুকুৰ মাজতেই এই ভাবে আকোৱালি ধৰি ৰাখিম তোমাক গোটেই জীবন।"

4 comments: