মোৰ অনুভৱ

I have created this blog for sharing contents related to my feelings.

Wednesday, April 15, 2020

এক মিনিটৰ গল্প

নমস্কাৰ বন্ধু সকল  অৱশেষত বহুত  দিনৰ কাজিয়া আৰু খং উঠি
আজি ব্ৰেকআপ কৰি দিলো
তাই মোৰ লগত কৰিলে আৰু ...অৱশ্যে মই বহুত ৰিকুয়েস্ট কৰিছিলো মোৰ লগত সংযোগ বিচ্ছিন্ন নকৰিবলৈ।

কিন্তু বন্ধু সকল মই ঠিকে আছো মাত্র ডক্টৰে কৈছে দুসপ্তাহৰ ভিতৰত হাতৰ কটা যোৱা সিৰা লগ লাগিব বুলি।

মই কিন্তু এজন ভদ্ৰ ব্যক্তি হিচাপে  এই পৰিস্থিতিৰ লগত লেন দেন কৰি আছো, মই হোৱাটএপ্চৰ পৰা ডিপি আতৰাই দিছো, আৰু সদায় মই চুইচাইদ কৰিম বুলি মেছেজ দি আছো  আৰু এইবিলাক কৰা বাবে তাইৰ প্ৰতিক্ৰিয়া নোহোৱাকৈ থকা নাই বাৰু....প্ৰতিক্ৰিয়া হৈছেই তাই যোৱাকালি মোৰ ওপৰত পুলিচ কমপ্লেইন কৰিছে আৰু অলপ পিছত পুলিচ আহি পাব ছাগে।
বাৰু যিয়েই নহওক মই এই পৰিস্থিতিৰ পৰা আগবাঢ়ি যাব বিছাৰি আছো, এই তিনিদিন ধৰি মদ খাই আছো..... লগৰ কেইটা লগত... কিয়নো অকলে থাকিলে কান্দোন ধৰি ৰাখিব নোৱাৰো।
বাৰু তাইক মান্তি কৰিবৰ বাবে oye ত ৰুম বুকিং কৰিম আৰু আইফোন দিম বুলি ভাবি আছো কিন্তু দেউতাহে টকা দিয়া নাই।
মইটো চিন্তা কৰিছো চব ছোৱালীক প্ৰপজ কৰিম কৰিম কিন্তু ৰিপ্লাই নকৰা বাবেহে দুখ লাগি আছে।
মইটো ব্ৰেকআপৰ সময়ত কৈয়ে দিলো "ঠিক আছে মোৰ নেটফ্লিক্স একাওন্ট ৰ পৰা লগআউট কৰিবলৈ... "
বা কথাটো কবলৈহে পালো তাই টো কৈয়ে দিলো মোৰ স্কুতি খন আৰু ৫১ হাজাৰ টকা এতিয়াই দিয়া বুলি....
আৰে আপোনালোকে কওকচোন এইটো কেনেকুৱা হিচাপ হল আকৌ??? আৰু যদি আপোনালোকে তাইক লগ পাই  কৈ দিব যে মই কৈছো .... কৈ দিব ... অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিয়ে যেন আৰু নেটফ্লিক্স ৰ কথাটো পাহৰি যাবলৈ..

Peace put.....

Sunday, August 19, 2018

Android Fastboot Reset Tool v1.2 Download {Bypass FRP, Unlock Bootloader etc.}

Android fastboot reset tool

Android Fastboot Reset Tool is very valuable tool for Android users. It is used for unlock Pattern, unlock bootloader, Google account Bypass ets. Download from here.





Android Fastboot Reset Tool v1.2 Features:


  1. Remove Pattern
  2. Remove Mi Account
  3. Enter EDL Mode – Emergency Download Mode
  4. Unlock Bootloader
  5. Unlock Yureka Bootloader
  6. Boot into Samsung Download Mode
  7. Samsung download MD
  8. Open Commend Promt...
  9. Remove Spd FRP (Spreadtrum FRP Remove)
  10. Remove Lenovo FRP
  11. Remove Moto FRP
  12. Remove Yuphoria FRP
  13. Remove HTC FRP
  14. Micromax FRP ADB Mode
From the list of features, we can see that this Android Fastboot tool can unlock the bootloader, boot into hidden modes and bypass/ remove FRP on Android devices.
Download Link:  Download  

Thank you. 

Interesting Fact in Assamese

  1. আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ হৈছে ছাল
  2. ঈগলে পোনপটীয়াকৈ সূয্যৰ ফালে চাব পাৰে ৷
  3. জিৰাফৰ এটা গোৰত ইমান জোৰ থাকে যে এটা সিংহৰ মৃত্যু ঘটিব পাৰে ৷
  4. জেব্রাই কমলা ৰঙটো দেখা নাপায় ৷
  5. নিগনি আৰু ঘোঁৰাই বমি কৰিব নোৱাৰে ৷
  6. গাহৰিয়ে থিয় হৈ কেতিয়াও আকাশখন চাব নোৱাৰে ৷
  7. টকাৰ নোটবিলাক কাগজৰ পৰা নহয়, কপাহৰ পৰা তৈয়াৰ কৰা হয় ৷
  8. এটা নীলা তিমিৰ জিভাৰ ওজন হাতী এটাৰ ওজনতকৈ বেছি ৷
  9. মানুহৰ শৰীৰৰ প্ৰত্যেকটো অংগ বিকাশ ঘটে কিন্তু এটা অংগ আছে যিটো কেচুৱাৰ পৰা বৃদ্ধ অবস্হালৈকে একেই থাকে সেই অংগটো হৈছে আমাৰ চকু ।
  10. বিজুলী বাতিৰ স্ৰষ্টা টমাছ আলভা এডিচনে আন্ধাৰলৈ ভয় কৰিছিল ।
  11. ডলফিনে শোৱাৰ সময়ত এটা চকু মেলি ৰাখে ।
  12. মৰুভূমিৰ উটৰ তিনিখনকৈ চকুৰ পতাঁ থাকে যাতে বালিৰ পৰা চকুৰ কোনো ক্ষতি নহয় ।
  13. মানুহৰ শৰীৰত আটাইতকৈ বেছি বিজাণু মুখত থাকে !
  14. একোটা নীল তিমিৰ কলিজাৰ আকৃতি একোখন সৰু গাড়ীৰ সমান, আৰু ধমনীৰ আকৃতি ইমানেই ডাঙৰ যে তাৰ ভিতৰেৰে এটা কুকুৰ পাৰ হৈ যাব পাৰিব !
  15. ফ্লেমিংগ' নামৰ চৰাই বিধে কেৱল মুৰটো তললৈ থকাৰ অৱস্থাতহে খাদ্য খাব পাৰে।
  16. কুহিয়াৰৰ পৰা চেনী প্ৰস্তুত কৰা পদ্ধতি ৩৫০ A.D. তে ভাৰতত উদ্ভাৱন হয় ৷
  17. মানুহৰ বাহিৰে আন কোনো প্ৰাণীয়েই চিৎ হৈ শুব নোৱাৰে ৷
  18. শিশু এটা জন্ম হওতে তেওঁৰ গাত ৩০০ ডাল হাড় থাকে । পাছলৈ ই কমি গৈ ২০৬ ডাল হয়গৈ ।
  19. পৃথিৱীত যিমানবোৰ উদ্ভিদ আছে, তাৰে ১৫% হে মাটিৰ ওপৰত আছে । বাকী 85% উদ্ভিদ সাগৰৰ তলিত আছে ।
  20. 'হামিং বার্ড ' যি পৃথিৱীৰ একমাত্ৰ চৰাই যিয়েই পাছফালেও উৰিব পাৰে ।
  21. আপুনি হাঁচি মাৰিলে এক ছেকেণ্ডৰ বাবে আপোনাৰ হৃদপিণ্ড বন্ধ হৈ পৰে।
  22. পৃথিৱীৰ সকলো কয়লা আৰু খাৰুৱা তেল পুৰিলে যিমান শক্তি আৰু তাপৰ উদ্ভৱ হব সূর্যই প্ৰতি ছেকেণ্ড সেইখিনি উত্পন্ন কৰে ।
  23. ভেকুলী এ জীৱনত এটুপি পানীও নাখায়। সি মাত্ৰ জলীয় বাস্প সেৱন কৰি তৃষ্ণা নিবাৰণ কৰে ।
    rupjyoti
    Interesting fact in Assamese

(সংগ্ৰহ)
Dedicated To My Best friend Gaurab.

Monday, August 6, 2018

How To Add Contact Form (Contact Us Page) in Blogger?

Including a contact page in Blogger is a hard process as it doesn't have a plugin like Wordpress. Most BlogSpot bloggers search for assistance from various outsider destinations, for example, saucy shape, 123contactform, and so on.
contact form

It is conceivable to get outsider codes to be embedded in new pages like a stroll in the recreation center. However, the official contact form is much better than those.

Points of interest of having a Contact Us page


  1. Contact us page gives guests and peruses a basic choice to contact the blogger. 
  2. On the off chance that as a blogger, you know CSS then you can without much of a stretch tweak the Contact us page according to your decision. 
  3. You won't see the whole page get reloaded while communicating something specific.
Today You will figure out how to include the official contact page in Blogger.

The Benefits of Official Blogger Form 

  1. You will get the message when one sends it. Also, the deliverability is 100% to.
  2. The straightforward interface makes it simple for the guests to reach you. 
  3. In the event that you know Cascade Style Sheet (CSS) dialect, it will be simple for you to tweak the frame according to your enjoying.
  4. The whole page won't get reloaded for sending the message. 
Let's get started


  • Access your blogger account and open the blog with which you might want to introduce the Contact us Gadget. If you are running various blog, simply open one of your decisions.
  • Pick the layout option on the left sidebar to get choices which you will choose add a gadget from.
    add a contact form in blogger
  • Now you will see add a gadget option in the sidebar, on to the screen's correct side. Tap on the choice to get a rundown of contraptions to browse. scroll down and click and bottom on a contact form.add a contact form in blogger




 I trust you currently know how to include Contact us page in blogger. In the post that you discover any trouble like zero deliverability even after the success message, I suggest reinstalling the Contact gadget.

Don’t forget to share this post with your blogger friends.

Thankyou

Thursday, April 19, 2018

অনুভৱৰ ৰদালি

আশা মাথোঁ এটি নিচুকনি আশা

এটি আশামাথো তোমাক পাবলৈ

নাজানোঁ হঠাত আজি কি হ’ল?

কিয় মই আবেগিক হৈ পৰিছোঁ?

Friday, April 13, 2018

অনুভৱৰ ৰদালি

নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে
চকুতে চকু থৈ কিনো কলা
নভৱাকে পগলা হৈ
বিছাৰো তোমাক কাষতে

Saturday, August 5, 2017

নীলা খামৰ চিঠি

মৰমৰ ,
   
    মৰমৰ বুলি কোৱা অধিকাৰো হেৰুৱাই পেলালো নেকি । তথাপিও মৰমৰ বুলি লিখিলো তোমালৈ বুলি । তুমি বুজিলে সুখী হ‘লো হেতেন
মোৰ মৰম ভালপোৱাক। মোৰ বাবে হয়তো তোমাৰ মনত কোনো মৰম ভালপোৱা নাছিল । হয়তো তোমাক সুখী কৰিব
পৰা মানুহ তোমাৰ আছেই মোৰ কি দৰকাৰ। মই নহলে তুমি সুখতহে তোমাৰ দিন কটাব পাৰিবা,মই তোমাক বহু দুখ দিওঁ ছাগে ন। তুমি চিন্তা নকৰিবা আজিৰ পৰা তোমাক তোমাৰ
কোনো কাৰণৰ বাবে আমনি কৰা মানুহ নাথাকিব। সুখী হোৱা তুমি । মই আতঁৰি দিছেো তোমাৰ পৰা । জানো বহু কষ্ট হব তোমাক
পাহৰাতো, কিন্ত কি কৰিম তুমি তো কেতিয়াও মোক ভালপোৱা নাছিলা, তোমাৰতো কেতিয়াও মনত নপৰে মোলৈ,বহু সুখী তুমি তোমাৰ জীৱনত সেয়ে তোমাৰ ভালপোৱা মানুহৰ
লগত সুখী হোৱা .....................
তুমি নাভাবিবা মই 
 বুলি মই কেতিয়াওঁ অকলশৰীয়া নহওঁ কিয়নো মোৰ লগত সদাই তোমাৰ ষ্মৃতি থাকিব।।
আৰু লিখি নাথাকো দিয়া বেছিকৈ লিখিলে আমনি পাবা ছাগে।
প্ৰান্তত
তোমাৰ দুৰ্ভগীয়া প্ৰেমিক

জীৱনৰ কিছু অনুভুতি

জাগীৰোড কলেজত Pulp & Paper Technology  কৰি থকা সময়ত  trainning ৰ বাবে উত্তৰাখণ্ডৰ  Naine Paper Ltd ত গৈছিলো। আমি চাৰিজন আহিছিলো। Trainning চলি আছিল । মাজে মাজে  টাউনলৈ গৈ থাকো। এদিন মোৰ বন্ধু দেৱব্ৰত  মবাইলৰ স্কীন কভাৰ লগাবলৈ গলো । কভাৰ লগাই আহি আছো  । ৰাস্টাৰ কাষৰ ফাস্ট ফুডৰ দোকান কেইখন দেখি লোভ টো ৰখাব নোৱাৰিলো। বহুত  ভিৰ আছিল। তাৰে এখনত গৈ ফুচকা (ইয়াত টিক্কা বুলি কয়) খালো দুয়োজনে। আকৌ এখন দোকানত দোছা খালো । এখন দোছাত চল্লিচ টকা কৈ। তাত খাই উঠি ৰুমলৈ বুলি আহি আছো। তেতিয়া সন্ধিয়া আঠ বাজিছে। এখন দোকানৰ আগত এজনী ছোৱালী আৰু এটা সৰু লৰা ৰাস্টাৰ কাষত বহি আছে আৰু ৰাস্টাৰে অহা যোৱা আৰু খাই থকা মানুহ বোৰক কৈ আছে " ভায়া কুছ দিজিয়ে বহত ভোক লাগা হ্যে" ,,,
আমি সিহতৰ কাষেৰে আহোতে আমাকো কৈছে তেনেকৈ  । মোৰ মনটো বেয়া লাগিছিল কিন্তু বন্ধুৰ আগত প্ৰকাশ কৰা নাছিলো। তেনেকৈ কেইখোজ মান অহাৰ পিছত ঘপকৰে  দেৱ ই ঘুৰি গল । মই একো ধৰিব পৰা নাছিলো। তাৰ পিছে পিছে ময়ো গলো । সি দোকান এখনৰ সন্মুখত ৰল যিখন দোকানৰ আগত লৰা ছোৱালীহাল বহি আছিল। দেৱই দুটা ৰোলৰ অৰ্ডাৰ দিলে আৰু মোক কলে যে ইহতৰ বাবে অৰ্ডাৰ দিছো।
"মই আধা টকা দি আছো ৰ "
মই কলো।  বনাওতে অলপ দেৰি হৈছিল সাত মিনিট মান । তেতিয়াও সিহতে তেনেকুৱাকৈ কৈ আছিল । মই চালো সিহতৰ ফালে, ছোৱালীজনী চৈধৰ পোন্ধৰ মান হব আৰু  লৰাটো পাচ বছৰ মান হব । লৰা টো গাত এটি চোলা, তলত একো নাই  ।  ইতিমধ্যে বনোৱা হৈছিল । লৰাটোক মাতিলো । তাৰ হাতত এখন প্লেট দিলো। লৰাটোৱে লোৱাৰ পিছত কৈছিল তাৰ  ভাগৰ পৰা অলপ খাবলৈ । "ভায়া আপ ভি খায়িয়ে। "
আমি কলো " আমি অলপ আগতে খাই আহিছো"
তাৰ পিছত তাৰ হাতত  আকৌ প্লেট এখন দি বায়েকক দিব কলো।  ছোৱালীজনী লৈ চালো তাই কান্দিছিল। গোটেই মানুহ বোৰ  আমাৰ ফালে চাই আছিল । চকুজোৰ অলপ সেমেকিব লৈছিল। মনটো কিবা এটা ভাল লাগিছিল। আগতে তেনকৈ দিছিলো ৰেলত , ডেকা লৰা আছিল , হাত ভৰি চব আছে। কিন্তু ইহতকক দি যি অনুভৱ হৈছিল তেনেকোৱা হোৱা নাছিল। আমি আহিলো বজাৰ কৰিব লগা আছিল। মনতে ভাৱিলো সৰু লৰাটোৱে তাৰ ভাগৰ পৰা আমাক খাবলৈ দিছিল।।
ফটোত দেৱ আৰু মই ।

Wednesday, August 2, 2017

নাজানো কেতিয়া মোৰ হবা তুমি....

বিয়াৰ পিছত কেতিয়াবা মই ৰাতি বহু দেৰিকৈ ঘৰলৈ উভতি আহিম,
তুমি অভিমান কৰি শুই থাকিবা।
মই আহি সুধিম
"ভাত খালা নেকি মোৰ সোন জনী।
তুমি খঙত অভিমানী সুৰত ক'বা,
"নাইখোৱা,কাৰোবাৰ ইচ্ছা হ'লে নিজে নিজে ভাত বাঢ়ি লৈ খাই ল'লেই হ'ল।"
.
মই কম,
"ওৰি বাবা,সোনজনী,খঙতো যেন একেবাৰে এটম বোম"।
মোৰ দেৰি হ'ল বাবে ইমান খং ন' ।
কোৱাছোন আজি মোৰ কিয় ইমান দেৰি হ'ল?
তুমি ক'বা-
" আজি অভাৰটাইম আছিল ছাগৈ।"
মই কম-
"বুর্বক ছোৱালী ক'ৰবাৰ।
অনেক কামৰ ফাকে ফাকেই তোমাক লৈ এটা কবিতা লিখিছিলো,বেঙী।
সেয়ে দেৰি হ'ল।"
.
তুমি অভিমান ভৰা সুৰত সুধিবা--
"ক'ত কবিতাটো চাও চাও??
মই কম,
"নাই নাই ইয়াত নাই অ সোনজনী।
অফিচতে থাকিল, ড্রয়াৰত।
এই পৃথিবীৰ সকলো মানুহ যেতিয়া শুই পৰিব।
কোনো যেতিয়া সাৰে নাথাকিব ।
ঠিক তেনে সময়ত আনি দেখুৱাম হা কবিতাটো কেতিয়াবা তোমাক, হব নে ?"
.
তুমি খংত মোৰ বুকুৰ ওপৰত শুই পৰিবা।
মই ক'ম, "সোনজনী তোমাক মই পাগলৰ দৰে ভালপাও অ'।
তোমাৰ অবিহনে মই বাচি নাথাকিম জানা।
.
আচ্ছা তুমি মোক ভাল পোৱানে কোৱাছোন সোনজনী?"
তুমি ক'বা,
"তুমি এটা পাগল ।
তোমাক বাদ দি মোৰ কোন আছে হা??
.
মই কম , "মোৰ সোণজনী
তোমাক এৰি মই কলৈকো নাযাও।
এই বুকুৰ মাজতেই এই ভাবে আকোৱালি ধৰি ৰাখিম তোমাক গোটেই জীবন।"