I have created this blog for sharing contents related to my feelings.

Saturday, July 22, 2017

কিমান অকলশৰে থাকিম?

- "তোমাৰ চকুজুৰি বহুত মৰম লগা" 
- " অলপ বেছিকৈ ক'লা নেকি " তাইৰ উত্তৰ
কেইচেকেণ্ডমানৰ পিছত মই কৈ উঠিলো, "ভালপাও,,,,, ভালপাও তোমাক" ......
-" হমম"
,,,,, মই উত্তৰ বিচাৰি ৰৈ থাকিলো ..
এই যে ছোৱালীজনীক লৈ বহুত দিগদাৰ ..... নকয়হে নকয়..
অযুত চিন্তাবোৰ দলিয়াই আকৌ সুধিলো "কবানে কিবা,"?
-" কি কম?" তাইৰ সেই একেটাই উত্তৰ..
-"পোৱানে মোকো ভাল? "
-" ভাবি চাম"
খং উঠি যায় ঘেন্টা,,, ইমান কিয় ৰহস্যলৈ থেলি থাকে মোক... আকৌ কৈ দিও খং ভাবে ।
"তেন্তে নাপাও বুলি কোৱা "
-" নকও"
উফ..... একেটা কথাকে কিমান শুনিম, ভাবি চাম, নকও,, কমন শব্দ....
লগৰবোৰে মোক বুজায়, বাদ দে না, নতুন চাই ল..
তাই তোৰ বাবে নহয়.. বিচাৰি ফুৰিলে সব পোৱা নাযায় ..কিচুমান বস্তুৱেই আমাৰ সপোনত হে শোভা দিয়ে.. . মই মনে মনে থাকো... মই জানো বাদ দিব পাৰিলে কোনোৱা দিনাই বাদ দি দিলোহেতেন....তথাপিও ভাবো বুজিব, প্ৰতিবাৰে মোৰ ফিলিংছৰ মা-ব্যহন হৈ যায়... চেহ... ।
দিনবোৰ গৈ আছে...বহুদিন বৰষুণো হোৱা নাই ... ভীষন চৰ্দি লাগিছে... . ফ্ৰীজৰ পানীবোৰ খাই... আগৰ কেইদিনৰ দৰে বাচখন আহি মোৰ কাষত ৰল... মই উঠিলো... আজি গাটো সিমান ভাল লগা নাই.. চিট বিচাৰি শেষৰ ফালে গলো..
মাজে মাজে ভাবো তাই বাৰু মোক ভাল পাবনে???
আকৌ এদিন সুধিলো
-" মই যে সুধিছিলো কথা টো একো নোকোৱা ?"
- "কোনটো কথা ? "
-" তুমি পাহৰিলাই  , ভাবি চাম কৈছিলা ।"
-" অ মোৰ তোমাৰ বাবে তেনেকোৱা একোৱে নাই"
-"অকে"
বতৰটো ভাল নহয়.. বৰষুন দিব হয়তো... মই ভবাৰ আগতে টোপালবোৰ নামি আহিল...
বুকুৰ কোনোবা কোণত এটা বিষে আমনি কৰিছিলহি।
চিঞৰি চিঞৰি  কবলৈ মন যায় 
" কিমান অকলশৰে থাকিম?"

5 comments: