I have created this blog for sharing contents related to my feelings.

Wednesday, April 15, 2020

এক মিনিটৰ গল্প

নমস্কাৰ বন্ধু সকল  অৱশেষত বহুত  দিনৰ কাজিয়া আৰু খং উঠি
আজি ব্ৰেকআপ কৰি দিলো
তাই মোৰ লগত কৰিলে আৰু ...অৱশ্যে মই বহুত ৰিকুয়েস্ট কৰিছিলো মোৰ লগত সংযোগ বিচ্ছিন্ন নকৰিবলৈ।

কিন্তু বন্ধু সকল মই ঠিকে আছো মাত্র ডক্টৰে কৈছে দুসপ্তাহৰ ভিতৰত হাতৰ কটা যোৱা সিৰা লগ লাগিব বুলি।

মই কিন্তু এজন ভদ্ৰ ব্যক্তি হিচাপে  এই পৰিস্থিতিৰ লগত লেন দেন কৰি আছো, মই হোৱাটএপ্চৰ পৰা ডিপি আতৰাই দিছো, আৰু সদায় মই চুইচাইদ কৰিম বুলি মেছেজ দি আছো  আৰু এইবিলাক কৰা বাবে তাইৰ প্ৰতিক্ৰিয়া নোহোৱাকৈ থকা নাই বাৰু....প্ৰতিক্ৰিয়া হৈছেই তাই যোৱাকালি মোৰ ওপৰত পুলিচ কমপ্লেইন কৰিছে আৰু অলপ পিছত পুলিচ আহি পাব ছাগে।
বাৰু যিয়েই নহওক মই এই পৰিস্থিতিৰ পৰা আগবাঢ়ি যাব বিছাৰি আছো, এই তিনিদিন ধৰি মদ খাই আছো..... লগৰ কেইটা লগত... কিয়নো অকলে থাকিলে কান্দোন ধৰি ৰাখিব নোৱাৰো।
বাৰু তাইক মান্তি কৰিবৰ বাবে oye ত ৰুম বুকিং কৰিম আৰু আইফোন দিম বুলি ভাবি আছো কিন্তু দেউতাহে টকা দিয়া নাই।
মইটো চিন্তা কৰিছো চব ছোৱালীক প্ৰপজ কৰিম কৰিম কিন্তু ৰিপ্লাই নকৰা বাবেহে দুখ লাগি আছে।
মইটো ব্ৰেকআপৰ সময়ত কৈয়ে দিলো "ঠিক আছে মোৰ নেটফ্লিক্স একাওন্ট ৰ পৰা লগআউট কৰিবলৈ... "
বা কথাটো কবলৈহে পালো তাই টো কৈয়ে দিলো মোৰ স্কুতি খন আৰু ৫১ হাজাৰ টকা এতিয়াই দিয়া বুলি....
আৰে আপোনালোকে কওকচোন এইটো কেনেকুৱা হিচাপ হল আকৌ??? আৰু যদি আপোনালোকে তাইক লগ পাই  কৈ দিব যে মই কৈছো .... কৈ দিব ... অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিয়ে যেন আৰু নেটফ্লিক্স ৰ কথাটো পাহৰি যাবলৈ..

Peace put.....

3 comments: