I have created this blog for sharing contents related to my feelings.

Saturday, August 5, 2017

জীৱনৰ কিছু অনুভুতি

জাগীৰোড কলেজত Pulp & Paper Technology  কৰি থকা সময়ত  trainning ৰ বাবে উত্তৰাখণ্ডৰ  Naine Paper Ltd ত গৈছিলো। আমি চাৰিজন আহিছিলো। Trainning চলি আছিল । মাজে মাজে  টাউনলৈ গৈ থাকো। এদিন মোৰ বন্ধু দেৱব্ৰত  মবাইলৰ স্কীন কভাৰ লগাবলৈ গলো । কভাৰ লগাই আহি আছো  । ৰাস্টাৰ কাষৰ ফাস্ট ফুডৰ দোকান কেইখন দেখি লোভ টো ৰখাব নোৱাৰিলো। বহুত  ভিৰ আছিল। তাৰে এখনত গৈ ফুচকা (ইয়াত টিক্কা বুলি কয়) খালো দুয়োজনে। আকৌ এখন দোকানত দোছা খালো । এখন দোছাত চল্লিচ টকা কৈ। তাত খাই উঠি ৰুমলৈ বুলি আহি আছো। তেতিয়া সন্ধিয়া আঠ বাজিছে। এখন দোকানৰ আগত এজনী ছোৱালী আৰু এটা সৰু লৰা ৰাস্টাৰ কাষত বহি আছে আৰু ৰাস্টাৰে অহা যোৱা আৰু খাই থকা মানুহ বোৰক কৈ আছে " ভায়া কুছ দিজিয়ে বহত ভোক লাগা হ্যে" ,,,
আমি সিহতৰ কাষেৰে আহোতে আমাকো কৈছে তেনেকৈ  । মোৰ মনটো বেয়া লাগিছিল কিন্তু বন্ধুৰ আগত প্ৰকাশ কৰা নাছিলো। তেনেকৈ কেইখোজ মান অহাৰ পিছত ঘপকৰে  দেৱ ই ঘুৰি গল । মই একো ধৰিব পৰা নাছিলো। তাৰ পিছে পিছে ময়ো গলো । সি দোকান এখনৰ সন্মুখত ৰল যিখন দোকানৰ আগত লৰা ছোৱালীহাল বহি আছিল। দেৱই দুটা ৰোলৰ অৰ্ডাৰ দিলে আৰু মোক কলে যে ইহতৰ বাবে অৰ্ডাৰ দিছো।
"মই আধা টকা দি আছো ৰ "
মই কলো।  বনাওতে অলপ দেৰি হৈছিল সাত মিনিট মান । তেতিয়াও সিহতে তেনেকুৱাকৈ কৈ আছিল । মই চালো সিহতৰ ফালে, ছোৱালীজনী চৈধৰ পোন্ধৰ মান হব আৰু  লৰাটো পাচ বছৰ মান হব । লৰা টো গাত এটি চোলা, তলত একো নাই  ।  ইতিমধ্যে বনোৱা হৈছিল । লৰাটোক মাতিলো । তাৰ হাতত এখন প্লেট দিলো। লৰাটোৱে লোৱাৰ পিছত কৈছিল তাৰ  ভাগৰ পৰা অলপ খাবলৈ । "ভায়া আপ ভি খায়িয়ে। "
আমি কলো " আমি অলপ আগতে খাই আহিছো"
তাৰ পিছত তাৰ হাতত  আকৌ প্লেট এখন দি বায়েকক দিব কলো।  ছোৱালীজনী লৈ চালো তাই কান্দিছিল। গোটেই মানুহ বোৰ  আমাৰ ফালে চাই আছিল । চকুজোৰ অলপ সেমেকিব লৈছিল। মনটো কিবা এটা ভাল লাগিছিল। আগতে তেনকৈ দিছিলো ৰেলত , ডেকা লৰা আছিল , হাত ভৰি চব আছে। কিন্তু ইহতকক দি যি অনুভৱ হৈছিল তেনেকোৱা হোৱা নাছিল। আমি আহিলো বজাৰ কৰিব লগা আছিল। মনতে ভাৱিলো সৰু লৰাটোৱে তাৰ ভাগৰ পৰা আমাক খাবলৈ দিছিল।।
ফটোত দেৱ আৰু মই ।

2 comments: