১৯৩০ দশকৰ প্রথম কালছোৱাত
কম্পিউটাৰৰ কাম আৰম্ভ হৈছিল যদিও বেছি ব্যৱহাৰ হোৱা নাছিল।কিছু
মেধাবী বিজ্ঞানীৰ শ্রম, চিন্তা ভাবনা, পৰীক্ষাৰৰ ফলত আজিৰ এই কম্পিউটাৰ।
তেখেতসকলৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা আছে আৰু থাকিব।
![]() |
George Boole |
George Boole:
George Boole ক আধুনিক কম্পিউটাৰৰ জনক বুলি কোৱা হয়। যদিও তেওৰ কাম-কাজ
মৃত্যুৰ (১৮৬৫) পিছত বিলুপ্ত হৈ গলেও তেও যি ধাৰনা দি গৈছে তাৰ লগত বর্তমান কম্পিউটাৰ ধাৰনাৰ লগত সাদৃশ্যময়। George Boole হৈছে Boolean বীজগনিতৰ জনক যি Digital
কম্পিউটাৰৰ মূলমন্ত্ৰ।
Boole ১৮১৫ চনত লণ্ডনত জন্মগ্রহন কৰিছিল।তেও ৫ বছৰ বয়সত শিক্ষা আৰম্ভ
কৰিছিল আৰু ২০ বছৰ বয়সত নিজৰ বিদ্যালয় প্রতিষ্ঠা কৰে। ৩৪ বছৰ বয়সত আয়াৰলেণ্ডলৈ যায় আৰু Queen’s কলেজত প্রথম গনিত বিষয়ত প্রবক্তা নিযুক্ত হয় আৰু মৃত্যু পর্যন্ত তাতেই থাকে। তাতে বীজগনিতৰ দর্শনৰ লজিকৰ বিষয়ত অধ্যয়ন কৰে। তাৰ সকলোতকৈ ডাঙৰ আবিস্কাৰ হৈছে
লজিকৰ বিভিন্ন পর্যায়বিলাক প্রকাশ কৰাৰ বাবে বীজগনিতৰ ব্যৱহাৰ কৰা।লজিক আৰু গনিতৰ
মাজৰ সর্ম্পকৰ বিষয়ে বিশ্লেষন কৰে আৰু বহুত প্রবন্ধ ৰচনা কৰে। পৰর্বতিকালত কম্পিউটাৰ
গবেষনাৰ বাবে এইজন বিজ্ঞানীৰ প্রবন্ধবোৰে সহায় কৰে।
![]() |
Konrad Zuse |
Konrad Zuse:
Konrad Zuse দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত কনস্ট্রাকশন ইন্জিয়াৰ আছিল। ইং ১৯১০ চনত বাৰ্লিনত জন্মগ্রহন কৰিছিল। তেওঁক আনঅফিচিয়ালি মৰ্ডান কম্পিউটাৰৰ আৱিস্কাৰক বুলি কোৱা হয়।কনস্ট্রাকশনৰ সকলোতকৈ কঠিন কাম হল ডাঙৰ ডাঙৰ কেলকুলেচনৰ বা মেচিনবিলাক জোৰা লগোৱা বা বদলোৱাৰ সময়ৰ কেলকুলেচন মনত ৰখোৱা। Zuse তেতিয়া এটা উপায় আৱিস্কাৰ কৰিছিল যাতে এই ডাঙৰ ডাঙৰ কেলকুলেচনবোৰ সহজতেই কৰিব পৰা যায় আৰু এইবোৰ সংৰক্ষন কৰিব পাৰি।১৯৩৬ চনত Zuse প্রথম বাইনাৰী কম্পিউটাৰ তৈয়াৰ কৰে যাৰ নাম দিয়ে Z1। কিন্তু দুৰ্ভাগ্যজনক ভাৱে বিশ্ব যুদ্ধত এইটো ধংব্স হৈ যায়। Zuse য়ে তাৰ পিছত বাইনাৰী কম্পিউটাৰৰ ওপৰত গৱেষনা কৰি থাকে আৰু ১৯৪০ চন পৰ্যন্ত Z2, Z3, Z4 নামৰ আৰু তিনিটা কম্পিউটাৰ তৈয়াৰ কৰে।
![]() |
Jon Von Neumann |
Jon Von Neumann:
Jon Von Neumann ১৯০৩ চনত হাঙ্গেৰীত জন্মগ্রহন কৰে। তেও এজন বিখ্যাত গনিত্যজ্ঞ আছিল। তেৱেই কম্পিউটাৰৰ বৰ্তমান ভিত্তি তৈয়াৰ কৰিছিল।তেও কম্পিউটাৰৰ প্রচেসিং ক্ষমতাক গনিত সমাধানৰ কামত ব্যৱহাৰ কৰি চাইছিল। এই ভিত্তিত EDVAC (Electronic Discrete Variable Automatic Computer) কম্পিউটাৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰে যাতে সকলোবোৰ প্রগাম পুনৰ ব্যৱহাৰ কৰিব পাৰি।
![]() |
Alan Turing |
No comments:
Post a Comment