তাইক প্ৰথম দেখোতেই তাইৰ প্ৰেমত পৰিছিলো। তাই HS 2nd year মই Bsc 1st sam আছিলো। তাইক ভালপাও বুলি কবলৈ কলেজত বিছাৰি ফুৰো। মোৰ চিনাকি তাইৰ লগৰ এজনক তাইৰ বিষয়ে সুধিলো।নামতো (নকও দেই) বুলি কলে। মই সুধিলো তাইৰ fb account আছে নেকি ? সি আছে বুলি কোৱাৰ পিছত ঘৰলৈ আহি fbত search কৰিলো। লগে লগে chat। কেইদিন মান এনেকৈ গল। এদিন মই কলো মই তোমাক ভাল পাব বিছাৰো। তাই কলে মই তোমাক চিনি নাপাও কেনেকৈ তোমাক ভাল পাও ? আচলতে মই তাইক বহুত ভাল পাই পেলাইছিলো|তাইৰ মাজত মই নিজকে বিচাৰি পাইছিলো|
এয়া সচা যে তাইও মোক কেৱল বন্ধু বুলিয়ে ভাবিছিল যদিও মই কিন্তু তাইক মনে-প্ৰাণে ভাল পাই পেলাইছিলো|
কিন্তু ভালপোৱাতো কাৰোবাৰ ওপৰত জোৰকৈ জাপি দিব নোৱাৰি, তথাপি.....|
মই তাইক ভাল পোৱাৰ প্ৰস্তাৱ দিলেও তাই গ্ৰহণ নকৰিলে|
আচলতে তাই মোক কেতিয়াও প্ৰেমিকৰ দৃষ্টিৰে চোৱাই নাছিল|মই তাইৰ বাবে এজন বন্ধুহে আছিলো|
এদিন নাজানো মোৰ মনত কিয় আহিল কথাতো, মই তাইক সুধিলো, তোমাৰ বিয়ালৈ মোক মাতিবানে? তাই কলে এনেকুৱা কথা কিয় কৈছা?
মই কিবা কোৱাৰ আগতেই তাই কলে, কিয় নামাতিম তোমাক! মাতিম|তাৰ পিছত বহুত সময় দুয়োৰে মাজত মাতবোল নাই|
কিছু সময় পিছত মই নীৰৱতা ভংগ কৰি কলো, মোক সোধাচোন মই তোমাৰ বিয়ালৈ যামনে নাই|
তাই কলে কিয় তেনেকৈ কৈছা তুমি?
অকণমান ৰ’বা|
মই সুধিলো কি হ’ল?
তাই কলে, এইখিনি কথা মই আগতে কৰবাত শুনিছো, ক’ত শুনিছিলো?
অ’ অ’ চিনেমাত শুনিছো|
এই বদমাছ, মোৰ আগত চিনেমাৰ হিৰ’ৰ ডায়লগ মাৰিব আহিছা|
মই কলো হয়তো চিনেমাৰ হিৰ’ৰ লগত মোৰ ইম’চন মিলি গৈছে|
তাই কলে, যোৱা তুমি বৰ দুষ্ট|
এনেকুৱা কথাবোৰ কৈ তুমি মোক কি বুজাব বিচাৰিছা?
ভালপোৱাৰ কথা?
মই কি নুবুজো নেকি?
মই সকলো বুজো, কিন্তু.....|
নেজানো কি, কিন্তু তেও কিবা এটা কব খুজি ৰৈ গ’ল|
ঠিক এসপ্তাহ মান পিছত মই তাইৰ Message পাই আকৌ কলো|
চোৱা কথাবোৰ যিমানেই নোকোৱাকৈ থাকিম সিমানেই কষ্ট পোৱা যায়, বুকুখন খুব বিষায়|
সেয়ে আকৌ এবাৰ কও, "মই তোমাক বহুত ভালপাও"||
Saturday, November 21, 2015

About Rupjyoti Dewri
Hello, My name is Rupjyoti Dewri. I am a Blogger from Assam. জীৱনক ভালপাওঁ। জানো মৃত্যুলৈকে ধীয়াই জীৱন আগবাঢ়ে। অনেক খলা-বমা আছে তাত। কাঁইটীয়া বাটে বাৰে বাৰে বাট আগচি ধৰে। তথাপিওচোন হাঁহিবোৰ ভাল লাগে। সুখ-দুখ, হাঁহি-কান্দোন আছে জীৱনত। থাকে, থাকিবই। সেইবুলি থমকি ৰোৱা নাযায়। নিৰ্জনতা ভালপাওঁ কিন্তু নিঃসংগতা বেয়া পাওঁ। এধানি মৰমেৰে বুকুখন উমাল কৰি ৰাখিব খোজোঁ। বহু বেছি একো নালাগে মোক লাগে মাথোঁ এখন বিশ্বাসৰ হাত। অলপ আত্মীয়তাৰ পৰশ। সপোন ভাঙিলেও সুৰবোৰে মোক আকুল কৰি তোলে মই হৈ থাকিবৰ জোখাৰে.....
Subscribe to:
Post Comments (Atom)
Fantastic write up. Can you kindly send one of your new short Story to kahinixunuahok@gmail.com. Your story will be published as audio book in our youtube channel http://goo.gl/FVuGsc We promote new writers in this channel.
ReplyDeleteধন্যবাদ। সময়ৰ অভাৱৰ বাবে লিখিব পৰা নাই। লিখিলে নিশ্বয় আপোনালৈ পঠিয়াম।
ReplyDeleteধুনীয়া হৈছে ।
ReplyDelete